বাঘজানৰ অগ্নিকাণ্ডঃ মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক

ইতিমধ্যে এই অগ্নিকাণ্ডৰ অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে
বাঘজানৰ অগ্নিকাণ্ডঃ মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক

বাঘজানৰ অগ্নিকাণ্ডঃ মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদত যোৱা মঙলবাৰে সূত্ৰপাত ঘটা বিধ্বংসী অগ্নিকাণ্ডক লৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰে ৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণও উপস্থিত থকা জনতা ভৱনত আয়োজিত এই সভাত বাঘজানৰ অগ্নিকাণ্ডৰ সমগ্ৰ দিশ বিস্তৃত পৰিসৰত আলোচনা কৰা হয় ৷ উল্লেখ্য যে ইতিমধ্যে এই অগ্নিকাণ্ডৰ অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে ৷ এই তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক ৷ তদন্ত প্ৰতিবেদন ১৫দিনৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে। ইপিনে, কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাঘজানৰ অগ্নিকাণ্ডৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ তিনিজনীয়া সমিতি গঠন কৰিছে ৷ এই সমিতিত হাইড্ৰ'কাৰ্ব'নৰ সঞ্চালক প্ৰধানো আছে ৷ এই সমিতিয়ে প্ৰচলিত নীতি-নিয়মাৱলী ৰূপায়নত কোনো ত্ৰুটি বা হেমাহি আছিল নেকি, তাৰ তদন্ত কৰিব ৷ তদুপৰি সমিতিখনে ভৱিষ্যতে এনে ঘটনা ৰোধৰ বাবে পৰামৰ্শ আগবঢ়াব ৷ সমিতিখনৰ সদস্যবৰ্গ হ'লঃ হাইড্ৰ'কাৰ্ব'নৰ সঞ্চালক প্ৰধান এইচ চি এল দাস, অ' এন জি চিৰ প্ৰাক্তন অধ্যক্ষ বি চি বৰা আৰু অ' এন জি চিৰ প্ৰাক্তন অধ্যক্ষ টি কে সেনগুপ্তা৷ উল্লেখ্য যে এই তৈল ক্ষেত্ৰত যোৱা ২৭ মে'তো অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com