মন্ত্ৰী পাটোৱাৰীক বাঘজানৰ পৰিস্থিতি বুজ ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ইতিমধ্যে তেওঁ বিষয়টোক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পেট্ৰ’লিয়াম মন্ত্ৰী প্ৰধানৰ সৈতে আলোচনাত মিলিত হৈছে ৷
মন্ত্ৰী পাটোৱাৰীক বাঘজানৰ পৰিস্থিতি বুজ ল'বলৈ  নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বাঘজানৰ তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ডঃ মন্ত্ৰী পাটোৱাৰীক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ পৰিস্থিতি বুজ লোৱাৰ বাবে ঘটনাস্থলীত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হ'বলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই ভয়াবহ অগ্নিকাণ্ড যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালে নিৰ্বাপন কৰাত গুৰুত্ব আৰোপ কৰিছে সোণোৱালে ৷ ইতিমধ্যে তেওঁ বিষয়টোক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে আলোচনাত মিলিত হৈছে ৷ ইয়াৰ সমান্তৰালভাবে মুখ্যমন্ত্ৰীয়ে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাটোৱাৰীক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'বলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পূৰ্বে সোণোৱালে সাংবাদিকৰ আগত কয়, " বাঘজানৰ তৈল খাদৰ অগ্নিকাণ্ডৰ বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰিছো ৷ মই তেওঁক এই অগ্নি-নিৰ্বাপনৰ বাবে বায়ু সেনা নিয়োগ কৰিবলৈ অনুৰোধ জনালো ৷" তেওঁ লগতে কয় যে স্থানীয় লোকৰ জীৱনৰ সুৰক্ষাৰ বাবে প্ৰশাসন, আৰক্ষী, সেনা, অৰ্ধ-সামৰিক বাহিনী আদিক প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, এই সমস্যা সমাধানৰ বাবে অহা বিদেশী বিশেষজ্ঞসকলে পৰিস্থিতিৰ বুজ লৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে ৷

বাঘজানৰ পৰিস্থিতিঃ

যোৱা ২৭মে'তো এই তৈল ক্ষেত্ৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল ৷ উক্তদিনাৰ পুৱা ১০-৩০বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ লগে লগে স্থানীয় লোকক নিৰাপদ স্থানলৈ নিয়া হয় ৷ ইয়াৰ সমান্তৰালভাবে তৈল ক্ষেত্ৰখনৰ এই অঞ্চলত অইল তেল আৰু গেছৰ অন্বেষণ বাতিল কৰে ৷ ইপিনে, অইলে প্ৰকাশ কৰা অনুসৰি তেল-গেছ নিৰ্গমনৰ ফুটা বন্ধ কৰিবলৈ আৰু চাৰি সপ্তাহৰ প্ৰয়োজন হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com