
ক'ৰ'না মহামাৰীবিৰোধী যুঁজত আমাৰ সফলতা নিশ্চিতঃ মুখ্যমন্ত্ৰী সোণোৱাল
ৰাজ্যত নিতৌ বহু লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱাৰ সময়তো এই মহামাৰীবিৰোধী যুঁজত দেশ তথা ৰাজ্য জয়ী হ'ব বুলি দৃঢ়তাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যত বৰ্তমানলৈ ৯ শতাধিক লোক এই মহামাৰীত আক্ৰান্ত হৈছে। ইয়াক লৈ ৰাইজক আতংকিত নহ'বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। আজি এটা টুইটত মুখ্যমন্ত্ৰীয়ে কয়," এই জটিল সংকট আমাৰ দেশৰ জনতাই অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ দূৰদৃষ্টি আৰু নেতৃত্বপ্ৰদানৰ গুণে তেওঁক এই মহামাৰীবিৰোধী যুঁজত বিশ্ব নেতাত পৰিণত কৰিছে। এশ বিশ কোটি জনতাৰ শক্তিৰ বলত আমি এই যুঁজত জয়লাভ কৰিবলৈ সক্ষম হ'ম"।
ইপিনে, অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ আজি পিছবেলা নতুন আৰু ৩৩ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়। ফলত ৰাজ্যত এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৮৩১ জনলৈ বৃদ্ধি পাইছে । এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৩৩ ক'ৰ'না আক্ৰান্তৰ ১০জন নগাঁৱৰ, আঠজন কামৰুপ মহানগৰৰ, সাতজন কাচাৰৰ আৰু এজন হোজাইৰ, এজন কাচাৰৰ, দুজন ডিমা হাচাওৰ, দুজন কৰিমগঞ্জৰ আৰু দুজন হাইলাকান্দিৰ। অৱশ্যে দুজনৰ ঘৰ নিশ্চিত হোৱা নাই৷