সৰ্থেবাৰীৰ কাঁহ শিল্প উদ্যোগলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ এক কোটি টকা

বানাক্ৰান্তসকলে চৰকাৰী সাহায্য লাভ কৰা নাই বুলি উত্থাপন কৰা অভিযোগক সোণোৱালে ভিত্তীহীন আখ্যা দিয়ে।
সৰ্থেবাৰীৰ কাঁহ শিল্প উদ্যোগলৈ মুখ্যমন্ত্ৰী সোণোৱালৰ এক কোটি টকা

দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা বৰপেটাৰ সৰ্থেবাৰীৰ কাঁহ শিল্প উদ্যোগলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক কোটি টকা আগবঢ়ালে। আজি মুখ্যমন্ত্ৰী সোণোৱালে কাঁহ শিল্পী সমবায় সংঘ লিমিটেডৰ প্ৰতিনিধিৰ হাতত এই ধনৰ চেক প্ৰদান কৰে। ৰুগাক্ৰান্ত কাঁহ শিল্প উদ্যেগক পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে এই ধন প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। এই ধন অসম চৰকাৰে ৰাজ্যৰ থলুৱা শিল্পসমহূক প্ৰদান কৰিবলৈ লোৱা ধনৰ অংশৰ পৰা দিয়া হৈছে। পহুমাৰা নৈয়ে বৰপেটাৰ গহীনপাৰাত সৃষ্টি কৰা বান পৰিস্থিতিৰ মুখ্যমন্ত্ৰী সোণোৱালে বুজ লয়। তদুপৰি তেওঁ বান বিধ্বস্ত দৌল গোসাঁই থান আৰু বামখাতা-কেন্দুগুৰি পথৰ অৱস্থাৰো বুজ লয়।

আনহাতে, বানত প্ৰাণহানি ঘটা ব্যক্তিসকলৰ নিকটাত্মীয়লৈ সোণোৱালে ৪ লাখ টকাকৈ প্ৰদান কৰে। বান পৰিস্থিতি বুজ লোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বানৰ সমস্যাৰ স্থায়ী সমাধান সূত্ৰ উলিয়াবলৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে। লগতে তেওঁ ডি আৰ ডি এ, কৃষি বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগক জলসম্পদ বিভাগৰে আলোচনা কৰি কৃষি বান্ধ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে। সোণোৱালে কয় যে প্ৰতিবছৰে ৰাজ্যত ৯ হেজাৰ হেক্টৰকৈ ভূমি খহনীয়াত জাহ গৈছে। আনহাতে, বিৰোধীয়ে বানাক্ৰান্তসকলে চৰকাৰী সাহায্য লাভ কৰা নাই বুলি উত্থাপন কৰা অভিযোগক সোণোৱালে ভিত্তীহীন আখ্যা দিয়ে।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com