ভ্ৰাম্যমাণ থিয়েটাৰৰ সংকট মোচনৰ আশ্বাস মুখ্যমন্ত্ৰী সোণোৱালৰ

তেওঁ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব কে কে দ্বিবেদীক ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগক MSME-ৰ অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
ভ্ৰাম্যমাণ থিয়েটাৰৰ সংকট মোচনৰ  আশ্বাস মুখ্যমন্ত্ৰী সোণোৱালৰ

অসমৰ ঐতিহ্যবহণকাৰী ভ্ৰাম্যমান থিয়েটাৰ সম্প্ৰতি সংকটৰ গৰাহত ৷ ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধৰ সদয়চোৱাত বৃহৎ ক্ষতি হয় ভ্ৰাম্যমান দলসমূহৰ ৷ ফলত ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগৰ সৈতে জড়িত শিল্পী-কলা-কুশলীসকলৰ অধিকাংশই দিনতে আন্ধাৰ দেখিছে ৷ সম্প্ৰতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠীয়ে সন্মুখীন হোৱা সমস্যা সমাধানৰ আশ্বাস দিছে ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজক সংস্থাৰ এটা প্ৰতিনিধি দলৰ সৈতে দিছপুৰত এক আলোচনাত মিলিত হয় ৷

আলোচনাৰ সময়ত প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰি সম্প্ৰতি উদ্যোগটোৱে সন্মুখীন হোৱা সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে ৷ আনহাতে, স্মাৰকপত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে ৷ তদুপৰি তেওঁ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব কে কে দ্বিবেদীক ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগক ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান (MSME)-ৰ অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে পুৰণি আৰু বন্ধ হৈ থকা চিত্ৰগৃহ মেৰামতি আৰু মুকলিৰ বাবে একাংশ উদ্যমীক আৰ্থিক সাহায্য আগবঢ়ায় ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com