ঐতিহাসিক চমৰীয়া সত্ৰ দৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

১৫৮৮তে স্থাপিত শ্ৰী শ্ৰী বিষ্ণু আতাৰ থান চমৰীয়া সত্ৰ হৈছে ৰাজ্যৰ অন্যতম পুৰণি সত্ৰ
ঐতিহাসিক চমৰীয়া সত্ৰ দৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ
Published on

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বুধবাৰে কামৰূপ জিলাৰ ঐতিহাসিক চমৰীয়া সত্ৰ দৰ্শন কৰে ৷ ১৫৮৮তে স্থাপিত শ্ৰী শ্ৰী বিষ্ণু আতাৰ থান চমৰীয়া সত্ৰ হৈছে ৰাজ্যৰ অন্যতম পুৰণি সত্ৰ ৷ সত্ৰ দৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী সোণোৱালে গুৰুজনালৈ সেৱা আগবঢ়ায়। তদুপৰি তেওঁ এই ঐতিহাসিক সত্ৰৰ চাৰিসীমাৰ এখন দেৱালৰ আধাৰশিলাও স্থাপন কৰে ৷ পাছত তেওঁ টুইটাৰত কয়, " ১৫৮৮ত স্থাপিত শ্ৰী শ্ৰী বিষ্ণু আতাৰ থান চমৰীয়া সত্ৰ হৈছে অসমৰ এখন অন্যতম পুৰণি সত্ৰ ৷ সত্ৰ দৰ্শন কৰিলো আৰু গুৰুজনালৈ সেৱা আগবঢ়ালো। তদুপৰি চাৰিসীমাৰ এখন দেৱালৰ আধাৰশিলা স্থাপন কৰো" ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com