অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,২৭২লৈ বৃদ্ধি, আৰু ৫৬জন পজিটিভ চিনাক্ত

শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১,২৭২জনলৈ বৃদ্ধি পাইছে
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,২৭২লৈ বৃদ্ধি, আৰু ৫৬জন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,২৭২লৈ বৃদ্ধি, আৰু ৫৬জন পজিটিভ চিনাক্ত

অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,২৭২জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ৫৬জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৫৬ ক'ৰ'না আক্ৰান্তৰ ১৮জন লখিমপুৰৰ, ১২জন বৰপেটাৰ, ৭ জন ওদালগুৰিৰ, ৫জন বাগসাৰ, পাঁচজন ধুবুৰীৰ, তিনিজন কামৰূপৰ, দুজন ধেমাজিৰ, দুজন বিমানকোঠৰ, এজন নলবাৰীৰ আৰু এজনৰ ঘৰ চিনাক্ত হোৱা নাই। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,১০২জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com