অসমত উদ্বেগজনকভাবে বৃদ্ধি পাই আছে ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাবে ৰাজ্যত নতুনকৈ ৯৩৬জন ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে। ফলত ৰাজ্যত মুঠ ক'ৱিড-১৯আক্ৰান্তৰ সংখ্যা ১৫,৫৩৬জন হৈছে। আনহাতে, সম্প্ৰতি অসমত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ৫,৬৫০জন হৈছে।