শীৰ্ষ বাতৰি
অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ১৮৭৭ লৈ বৃদ্ধি, আৰু ৪৭ জন পজিটিভ চিনাক্ত
ফলত ৰাজ্যত ক'ৱিড-১৯ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৪৫৭জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ১৮৭৭ লৈ বৃদ্ধি, আৰু ৪৭ জন পজিটিভ বৃদ্ধি
অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ১৮৭৭ লৈ বৃদ্ধি পাইছে। নতুনকৈ আৰু ৪৭ জন ক'ৰ'না পজিটিভ চিনাক্ত কৰাৰ পাছতে এই মহমাৰীত আক্ৰান্তৰ সংখ্যা ১৮৭৭জনলৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৪৭ ক'ৱিড-১৯ আক্ৰান্তৰ ৩৩জন হোজাইৰ, ৬জন ধেমাজিৰ, ৪জন বঙাইগাঁৱৰ, তিনিজন বৰপেটাৰ আৰু এজন বাগসাৰ। ফলত ৰাজ্যত ক'ৱিড-১৯ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৪৫৭জনলৈ বৃদ্ধি পাইছে।

