ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১৫৩লৈ বৃদ্ধি, আৰু ৩৮ জন পজিটিভ চিনাক্ত

ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৬৮৭জনলৈ বৃদ্ধি পাইছে।
ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১৫৩লৈ বৃদ্ধি, আৰু ৩৮ জন পজিটিভ চিনাক্ত
Published on

ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১৫৩লৈ বৃদ্ধি, আৰু ৩৮ জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১৫৩জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৩৮জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৩৮ ক'ৰ'না আক্ৰান্তৰ ১৩জন দৰঙৰ, ৯ জন ডিমা হাচাওৰ, ৭ জন নগাঁৱৰ, ৫জন শোণিতপুৰৰ, দুজন হাইলাকান্দিৰ আৰু ২ জন কৰিমগঞ্জৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৬৮৭জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com