অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,৪৭৩লৈ বৃদ্ধি

ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৮৭৮জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,৪৭৩লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,৪৭৩লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,৪৭৩জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৭৬জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। এই ৭৬ ক'ৰ'না আক্ৰান্তৰ ২৩জন ধুবুৰীৰ, ২২জন দৰঙৰ, ১২জন কামৰূপ মহানগৰৰ, ৭জন ডিব্ৰুগড়ৰ, ৫জন বৰপেটাৰ, ৩জন ধেমাজিৰ, ২জন শোণিতপুৰৰ আৰু ২জন বঙাইগাঁৱৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৮৭৮জনলৈ বৃদ্ধি পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com