অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,১১৮লৈ বৃদ্ধি, আৰু ৬৯ জন পজিটিভ চিনাক্ত

ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,১৪৭জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,১১৮লৈ বৃদ্ধি, আৰু ৬৯ জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,১১৮জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৬৯জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৬৯ ক'ৰ'না আক্ৰান্তৰ ১৬জন নগাঁৱৰ, ১৫জন ধুবুৰীৰ, ১২ জন কামৰূপৰ, ১০জন যোৰহাটৰ, চাৰিজন ওদালগুৰিৰ, তিনিজন কামৰূপ(গ্ৰাম্য)ৰ আৰু তিনিজন বৰপেটাৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,১৪৭জনলৈ বৃদ্ধি পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com