অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪,৩০৯লৈ বৃদ্ধি

অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪,৩০৯লৈ বৃদ্ধি

ইয়ে অসমত সক্ৰিয় ক’ৰ’না পজিটিভৰ সংখ্যা ২,০৯৩লৈ বৃদ্ধি কৰিছে।
Published on

ৰাজ্যত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪,৩০৯লৈ বৃদ্ধি পাইছে।আজি এই তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত নতুনকৈ ১৫১জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। ফলত ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,৩০৯লৈ বৃদ্ধি পাইছে। ইয়ে অসমত সক্ৰিয় ক'ৰ'না পজিটিভৰ সংখ্যা ২,০৯৩লৈ বৃদ্ধি কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com