অসমত ক'ৰ'না মহামাৰী আক্ৰান্তৰ সংখ্যা ৫০০৬লৈ বৃদ্ধি

ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ১,৯২৮ জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না মহামাৰী আক্ৰান্তৰ সংখ্যা ৫০০৬লৈ বৃদ্ধি
Published on: 

অসমত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ঘটি আছে। অৰ্থাত্ আক্ৰান্তৰ সংখ্যা বৃদ্ধি অব্যাহত আছে। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যত ৫০০৬জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শেহতীয়াকৈ ৰাজ্যত আৰু ১০২ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫০০৬ জনলৈ বৃদ্ধি পাইছে। এই ১০২ জন ক'ৰ'না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ। আনহাতে, সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ১,৯২৮ জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com