অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯১০লৈ বৃদ্ধিঃ নতুনকৈ আৰু ৩৫জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯১০লৈ বৃদ্ধিঃ নতুনকৈ আৰু ৩৫জন পজিটিভ চিনাক্ত

ফলত সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক’ৱিড পজিটিভ লোকৰ সংখ্যা আঠশ হৈছে
Published on

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে ৷ আজি নতুনকৈ আৰু ৩৫ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯১০ জনলৈ বৃদ্ধি পাইছে । এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৩৫ ক'ৰ'না আক্ৰান্তৰ ১৬জন গোৱৰ, আঠজন কামৰুপ মহানগৰৰ, ছজন কৰিমগঞ্জৰ, দুজন লখিমপুৰৰ, দুজন কাচাৰৰ, আৰু এজন হোজাইৰ, দুজন হাইলাকান্দিৰ আৰু দুজন কাৰ্বি আংলঙৰ। ফলত সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড পজিটিভ লোকৰ সংখ্যা আঠশ হৈছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com