শীৰ্ষ বাতৰি
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯৩৫লৈ বৃদ্ধিঃ ছয় বিমানযাত্ৰীসহ ২৫জন পজিটিভ চিনাক্ত
২৫ ক’ৰ’না আক্ৰান্তৰ ১১ জন কামৰূপ মহানগৰৰ, আঠজন হোজাইৰ আৰু ছজন বিমানযাত্ৰী
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯৩৫লৈ বৃদ্ধিঃ ছয় বিমানযাত্ৰীসহ আৰু ২৫জন পজিটিভ চিনাক্ত
অসমত ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নিতৌ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ আজি নতুনকৈ আৰু ২৫ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।
ফলত ৰাজ্যত এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯৩৫ জনলৈ বৃদ্ধি পাইছে । এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ২৫ ক'ৰ'না আক্ৰান্তৰ ১১ জন কামৰূপ মহানগৰৰ, আঠজন হোজাইৰ আৰু ছজন বিমানযাত্ৰী। ফলত সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড পজিটিভ লোকৰ সংখ্যা ৮১৯ হৈছে ৷

