একেদিনাই ১৫জন ক'ৰ'না পজিটিভ চিনাক্ত, অসমত আক্ৰান্ত ৭৯জনলৈ বৃদ্ধি

একেদিনাই ১৫জন ক'ৰ'না পজিটিভ চিনাক্ত, অসমত আক্ৰান্ত ৭৯জনলৈ বৃদ্ধি

ক'ৱিড-১৯ আক্ৰান্তজনৰ সংস্পৰ্শলৈ অহা ১৫জন লোক ক'ৰ'না পজিটিভৰূপে চিনাক্ত হৈছে
Published on

একেদিনাই ১৫জন ক'ৰ'না পজিটিভ চিনাক্ত, অসমত আক্ৰান্ত ৭৯জনলৈ বৃদ্ধি

ক্ৰমাৎ অধিক জটিল হোৱাৰ দিশত অগ্ৰসৰ হৈছে অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি ৷ শেহতীয়া তথ্য অনুসৰি আজি একেদিনাই কামৰূপ মহানগৰত ১৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় ৷ ফলত ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৭৯জনলৈ বৃদ্ধি পাইছে ৷ এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয়, " ফাঁচী বজাৰৰ পূৰ্বে ক'ৱিড-১৯ পজিটিভ চিনাক্তজনৰ সংস্পৰ্শলৈ অহা ১৫জন লোক ক'ৰ'না পজিটিভৰূপে চিনাক্ত হৈছে ৷ আটাইকেইজনক কোৱাৰাণ্টাইন কৰা হৈছে। গতিকে ৰাইজ আতংকিত নহ'ব ৷"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com