আৰু ১৩জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

আজি মঙলবাৰৰ দিনটোতে ৫৩জন ক'ৰ'না আক্ৰান্তই চিকিৎসালয়ৰ অব্যাহতি ল'লে।
আৰু ১৩জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

আৰু ১৩জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

সুখবৰ! আজি মঙলবাৰৰ দিনটোতে ৫৩জন ক'ৰ'না আক্ৰান্তই চিকিৎসালয়ৰ অব্যাহতি ল'লে। এইসকল ক'ৰ'না আক্ৰান্ত সুস্থ হৈছে। আজি প্ৰথমে ৪০ জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। পাছত নিশা আৰু ১৩জন আক্ৰান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, এই ১৩ ক'ৰ'না আক্ৰান্তৰ ১০জন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আছিল । আন তিনিজনৰ দুজন বৰপেটা মেডিকেল কলেজ হাস্পতালত আৰু আনজন ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল। ফলত ৰাজ্যত সক্ৰিয় ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১,১৬৯জনলৈ হ্ৰাস পাইছে।  

ইয়াৰ পূৰ্বে স্বাস্থ্য শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি এই ৪০ জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। এই ৪০ জন ব্যক্তিৰ ১২জন গোলাঘাট জিলা চিকিৎসালয়, ১৮জন শিলচৰ মেডিকেল কলেজ হাস্পতাল আৰু ৯ জন মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com