গগৈৰ স্বাস্থ্যক লৈ এইমছৰ বিশেষজ্ঞৰে আলোচনা কৰিব অসমৰ চিকিত্সকেঃ শৰ্মা

স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে গুৱাহাটীৰ চিকিতসক এইমছৰ চিকিত্সকৰ সৈতে এক ভিডিঅ কনফাৰেন্সত মিলিত হ'ব।
গগৈৰ স্বাস্থ্যক লৈ এইমছৰ বিশেষজ্ঞৰে আলোচনা কৰিব অসমৰ চিকিত্সকেঃ শৰ্মা

ক'ৱিড-১৯ৰ পৰা মুক্ত হোৱাৰ পাছত আকস্মিকভাবে পুনৰ স্বাস্থ্যৰ অৱনতি ঘটা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সম্পৰ্কত অসমৰ চিকিত্সকে দিল্লীৰ এইমছৰ বিশেষজ্ঞৰে আলোচনাত মিলিত হব। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈক বৃহস্পতিবাৰে জি এম জি এইচৰ আই চি ইউত ভৰ্তি কৰা হয়। গগৈৰ সম্পৰ্কত কিছু সময় পূৰ্বে স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্বাস্থ্যৰ অৱস্থাক গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিত্সকে এইমছৰ বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হব।

চিকিত্সকৰ মতে, গগৈ ক'ৱিড-১৯ উত্তৰ জটিলতাত ভুগি আছে। আজি গগৈৰ স্বাস্থ্যৰ বুজ লৈ ওলাই অহাৰ সময়ত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে গুৱাহাটীৰ চিকিতসক এইমছৰ চিকিত্সকৰ সৈতে এক ভিডিঅ কনফাৰেন্সত মিলিত হব। "এই আলোচনাৰ সময়ত গুৱাহাটীৰ চিকিত্সকসকলে এইমছৰ বিশেষজ্ঞৰ সৈতে গগৈৰ স্বাস্থ্য সম্পৰ্কত আলোচনা কৰিব।

সম্প্ৰতি গগৈৰ শৰীৰত অক্সিজেনৰ স্তৰ ৯৪ হৈ আছে। ফলত তেওঁক সামান্য অক্সিজেন থেৰাপীহে দিবলগা হৈছে। কিন্তু আজি পুৱা তেওঁৰ শৰীৰত অক্সিজেনৰ স্তৰ ৮২ লৈ নামি যায়। ফলত তেওঁৰ অৱস্থাৰ দ্ৰুত অৱনতি ঘটে," মন্ত্ৰী শৰ্মাই এইদৰে কয়।  তেওঁ লগতে কয় যে গগৈৰ চিকিত্সা পৰিৱৰ্তন সাধনৰ প্ৰয়োজন হৈছে। ইয়াৰ পূৰ্বে জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই কয় যে ক'ৱিড-১৯ উত্তৰ জটিলতাত ভুগি আছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com