ক'ৱিড-১৯তলাবন্ধঃ অসমৰ ৩২,১৬৭ কোটি টকাৰ আৰ্থিক ক্ষতি

এই বিপুল ধনৰ আৰ্থিক ক্ষতিৰ কথা উনুকীয়াইছে অৰ্থনীতিক পুনৰুজ্জীৱিতকৰণৰ বাবে গঠন কৰা আৰ্থিক পৰামৰ্শদাতা সমিতিয়ে
ক'ৱিড-১৯তলাবন্ধঃ অসমৰ ৩২,১৬৭ কোটি টকাৰ আৰ্থিক ক্ষতি

ক'ৱিড-১৯তলাবন্ধঃ অসমৰ ৩২,১৬৭ কোটি টকাৰ আৰ্থিক ক্ষতি

প্ৰায় সমগ্ৰ বিশ্বজুৰি সংহাৰ চলোৱা ক'ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৫ মাৰ্চৰ পৰা দেশজুৰি বলবত কৰা তলাবন্ধৰ ফলত অসমে ৩২,১৬৭ কোটি টকাৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হয়। মুঠ ৰাজ্যিক ঘৰুৱা উত্পাদন(জি এছ ডি পি)লৈ বৰঙণি আগবঢ়োৱাৰ সম্ভাৱনা থকা ক্ষেত্ৰক লৈ ৰাজ্যই এই বিপুল ধনৰ ক্ষতিৰ সন্মুখীন হ'বলগা হৈছে। তলাবন্ধৰ ফলত এই বিপুল ধনৰ আৰ্থিক ক্ষতিৰ কথা উনুকীয়াই ৰাজ্য চৰকাৰে অৰ্থনীতিক পুনৰুজ্জীৱিতকৰণৰ বাবে গঠন কৰা আৰ্থিক পৰামৰ্শদাতা সমিতিয়ে কয়, " এই সময়ছোৱাত কৃষি, বনানীকৰণ, খনিজ খনন আৰু কোৱেৰী ক্ষেত্ৰৰ লোকচান ৮,১৭৫কোটি । উত্পাদনী খণ্ড আৰু নিৰ্মাণ খণ্ডৰ লোকচান ৭,৫৪৬ কোটি টকা। ৰিয়েল ইষ্টেট খণ্ডৰ লোকচান ২,০০৪কোটি টকা। পৰিবহণ আৰু যোগাযোগ ক্ষেত্ৰৰ লোকচান ১,৭১১ কোটি টকা আৰু অন্যান্য সেৱাৰ লোকচান ৩,০৯১ কোটি টকা। "

সমিতিখনে উদ্বেগেৰ লগতে কয় যে আৰ্থিক অভাৱ-অনাটনে আগন্তক দিনত সামাজিক অস্থিৰতা সৃষ্টি কৰাৰ আশংকা আছে। চুৰি-ডকাইটিৰ দৰে অপৰাধমূলক ঘটনা বৃদ্ধিৰ আশংকা আছে। পৰিস্থিতি সাধাৰণ আইন-শৃংখলাজনিত হোৱাতকৈ ডাঙৰ নিৰাপত্তাজনিত বিষয়ত পৰিণত হোৱাৰো আশংকা ব্যক্ত কৰিছে সমিতিখনে। সমিতিখনে এইবুলিও আঙুলিয়াই দিছে যে শিশু-নাৰীৰ অবৈধ সৰবৰাহ, দেহ ব্যৱসায় আদি বৃদ্ধিৰ আশংকা আছে। তদুপৰি নিবনুৱা সমস্যাই আয়ৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা ব্যক্ত কৰি সমিতিয়ে পুনৰ কয়, " নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে সাধাৰণ মজুৰিৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰামাঞ্চলসমূহত প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ইয়াৰ প্ৰভাৱত ৰাজ্যত বয়-বস্তুৰ চাহিদা হ্ৰাস পাব পাৰে। এনে অৱস্থাত অৰ্থনীতি অধিক অধোগামী হ'ব পাৰে।"  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com