মেট্ৰিকঃ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উজলিল মঙলদৈৰ ৰুণা

মঙলদৈৰো এগৰাকী বিশেষভাবে সক্ষম ছাত্ৰীয়েও প্ৰমাণ কৰি দিলে যে ইচ্ছা আৰু একাগ্ৰতাৰ ওচৰত একোৱেই বাধা হ’ব নোৱাৰে ৷
মেট্ৰিকঃ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উজলিল মঙলদৈৰ ৰুণা

মেট্ৰিকঃ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উজলিল মঙলদৈৰ ৰুণা

ইচ্ছা শক্তিৰ ওচৰত একোৱেই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে ৷ এজন ৰক্ত কৰ্কটত আক্ৰান্তই ছাত্ৰই এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ এই কথা প্ৰমাণ কৰিলে ৷ দৰঙৰ মঙলদৈৰো এগৰাকী বিশেষভাবে সক্ষম ছাত্ৰীয়েও প্ৰমাণ কৰি দিলে যে ইচ্ছা আৰু একাগ্ৰতাৰ ওচৰত একোৱেই বাধা হ'ব নোৱাৰে ৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি এইগৰাকী ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। দৃঢ়মনা এই ছাত্ৰীগৰাকীৰ নাম ৰুণা বৰা ৷ মঙলদৈৰ কমল বৰা আৰু মামনি বৰাৰ কন্যাই ৰুণাই শাৰীৰিক প্ৰতিবন্ধকতাৰ মাজত অশেষ কৰি এই ফলাফল লাভ কৰিবলৈ সক্ষম হয় ৷ ছাত্ৰীগৰাকীৰ এই কৃতিত্বৰ বাতৰি বিয়পি পৰাৰ লগে লগে মঙলদৈ নগৰত আজি ব্যাপক উছাহ-উদ্দীপনাৰ সৃষ্টি হয় । ৰুণাই মঙলদৈ কলেজিয়েট হাইস্কুলত এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ শাৰীৰিক প্ৰতিবন্ধকতাৰ পৰিপ্ৰেক্ষিতত তেওঁ কনিষ্ঠা ভগ্নী তৃষ্ণাৰ সহায়ত পৰীক্ষা দিবলগীয়া হয় ৷ পৰীক্ষাগৃহত উত্তৰ ৰুণাই কৈ গৈছিল আৰু তৃষ্ণাই সেই উত্তৰ লিখি গৈছিল ৷ কিন্তু ইয়াকে লৈ তেওঁ অনুৎসাহিত নহৈ দুগুণ পৰীক্ষা দিয়ে ।প্ৰাপ্ত তথ্য অনুসৰি ৰুণা এক ধৰণৰ মুজুৰা পৰা ৰোগত আক্ৰান্ত ৷ ইয়াৰ বাবে তেওঁ নিয়মীয়াভাবে ঔষধ সেৱন কৰিবলগীয়া হয় ৷ আনকি তেওঁ এদিন ঔষধ গ্ৰহণ নকৰিলেই বাগৰি পৰাৰ আশংকা আছে বুলি তেওঁৰ পিতৃয়ে জানিবলৈ দিয়ে ৷ এনে অৱস্থাতো ৰুণাই প্ৰদৰ্শন কৰা এই সফলতাই সকলোকে উৎফুল্লিত কৰিছে ৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত উৎফুল্লিত ৰুণাই সাংবাদিকক কয়, " ফলাফল পাই মই শিঁহৰিত হৈছো। মই মোৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ ।তেওঁলোকে মোৰ বাবে অশেষ কষ্ট কৰিছে ৷ ।শোৱা-খোজকঢ়া আদি সাধাৰণ কামটো মই অসুবিধা অনুভৱ কৰো ৷" সদ্যহতে তেওঁ কলা শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com