অবৈধ বিদেশী প্ৰত্যাবৰ্তনৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ অসম চৰকাৰ

অবৈধ বিদেশী প্ৰত্যাবৰ্তনৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ অসম চৰকাৰ

অসম চৰকাৰৰ ৰাজনীতি বিভাগে ২০১৯ চনৰ ২৯ জুলাইত ডিটেনচন কেম্পৰ অবৈধ বিদেশী সকলক প্ৰত্যাবৰ্তনৰ ক্ষেত্ৰত কিছুমান নীতি নিৰ্ধাৰণ কৰি জাননী জাৰি কৰিছে । পূৰ্বতে ২০১৯ চনৰ ১৭ জুনত জাননী জাৰি কৰিছিল।

তিনি বছৰতকৈও অধিক সময় ডিটেনচন কেম্পত বসবাস কৰা অবৈধ বিদেশী ঘোষণা লোকসকলৰ প্ৰত্যাবৰ্তন ক্ষেত্ৰত কিছুমান নীতি নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে । পাঁচটা চৰ্ত আৰোপ কৰি ন্যায়ালয়ে কয় যে এনেদৰে মুকলি কৰি দিব লগা বিদেশীয়ে দুগৰাকী ভাৰতীয় লোকৰ নিশ্চিত থকা ১ লাখ টকাৰ বণ্ড দাখিল কৰিব লাগিব । ১০ টা আঙুলি চাপ আৰু ফটো ডাতাবেছত সংৰক্ষণ কৰিব ডিটেনচন কেম্পৰ পৰা মুকলি কৰাৰ পিছত, লগতে মুকলি হোৱাৰ আগত ঠিকনা সমূহ পৰীক্ষা কৰা হব ।

বিদেশী ন্যায়াধীশকৰনে নিৰ্ধাৰণ কৰি দিয়া আৰক্ষী থানাত সপ্তাহত এবাৰ হাজিৰ হব লাগিব মুকলি কৰি দিয়া বিদেশীয়ে। ইয়াৰ ৰিপোৰ্ট সমূহ সীমান্ত আৰক্ষীৰ অধীক্ষকে বিদেশী ন্যায়াধীশকৰনত জমা দিব লাগিব ।অসমৰ ডিটেনচন কেম্প সমুহত তিনি বছৰ বা তিনি বছৰতকৈ অধিক সময় ন্যায়াধীশকৰনে বিদেশী বুলি ঘোষণা কৰা বন্দীসকলক চৰ্ত সাপেক্ষে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যৰ ৬ টা অস্থায়ী ডিটেনচন কেম্পত ৯৩৫ গৰাকী শৰনাৰ্থী আছে। ৯৩৫ ৰ ভিতৰত ৮২৩ গৰাকীক বিদেশী বুলি ঘোষণা কৰা হৈছে আৰু ১১৫ জন সন্দেহজন বিদেশী আছে। উল্লেখযোগ্য যে এই লোকসকলৰ অধিকাংশই বাংলাদেশৰ পৰা অহা । আশ্ৰয় শিবিৰ সমুহত পুৰুষ , মহিলাৰ লগতে শিশুও আছে। ২০১৯ চনৰ ডিচেম্বৰ মাহত সম্পুৰ্ণ হব লগা পূৰ্ণাংগ ডিটেনচন কেম্পলৈ ৰাজ্যৰ ৬ টা অস্থায়ী ডিটেনচন কেম্পত থকা বিদেশী সকলক স্থানান্তৰ কৰা হব ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত খচৰা প্ৰকাশৰ পূৰ্বে অতিৰিক্ত ১০ ডিটেনচন কেম্প স্থাপন কৰাৰ লগতে সীমান্তৰ অসম আৰক্ষীয়ে সবিশেষ প্ৰজেক্ট ৰিপোৰ্ট প্ৰস্তুত কৰিছে । গৃহ আৰু ৰাজহ বিভাগে ইতিমধ্যে জিলা উপায়ুক্তলৈ ডিটেনচন কেম্প স্থাপনৰ বাবে উপযুক্ত ভূমিৰ বাবে আবেদন কৰিছে।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চুৰান্ত খচৰা প্ৰকাশৰ পাছত এন আৰ চিত প্ৰকাশ নোপোৱা লোকসকলৰ বাবে এই কেম্প সমুহ স্থাপন কৰা হব ।

উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ দিন ১ মাহ পিছুৱাই। ৩১ জুলাইৰ পৰিবৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত তালিকা প্ৰকাশ পাব ৩১ আগষ্টত । এন আৰ চিৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন ৩১ আগষ্ট বুলি ঘোষণা কৰিছে । কেন্দ্ৰ আৰু এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাই উচ্চতম ন্যায়ালয়ত এন আৰ চি ৰ চুৰান্ত তালিকা প্ৰকাশৰ দিন বৃদ্ধি কৰিবলৈ আবেদন কৰিছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com