অসম চৰকাৰৰ সংশোধিত এছ অ' পি প্ৰকাশ, কাৰ্ফিউৰ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ

অৱশ্যে আন্তঃজিলাৰ মাজত ৰাজহুৱা যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ থাকিব ৷
অসম চৰকাৰৰ সংশোধিত এছ অ' পি প্ৰকাশ, কাৰ্ফিউৰ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ

 অসমত সান্ধ্য আইন বা কাৰ্ফিউৰ নতুন সময় সন্ধিয়া সাত বজাৰ পৰা পুৱা ৫ বজালৈ নিৰ্ধাৰণ কৰা হৈছে ৷ আজি অসম চৰকাৰৰ সংশোধিত এছ অ' পি প্ৰকাশ পায়। এই নতুন এছ অ' পি অনুসৰি গুৱাহাটীক বাদ দি আন জিলাৰ মাজত ব্যক্তিগত বাহনৰ যাতায়াতত অনুমতি দিয়া হৈছে ৷ অৱশ্যে আন্তঃজিলাৰ মাজত ৰাজহুৱা যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ থাকিব ৷ কাইলৈ ১৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা এই নতুন এছ অ' পি বলবৎ হ'ব ৷ চৰকাৰে পৰৱৰ্তী জাননী জাৰি নকৰালৈকে এই এছ অ' পি বলবত থাকিব। 

এই নতুন এছ অ' পি অনুসৰি সমগ্ৰ ৰাজ্যত দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল-ৰেস্তোৰাঁ আদি সন্ধিয়ৰ ৬ বজালৈকে খোলা ৰাখিব পাৰিব ৷  এই এছ অ' পিত কোৱা হৈছে যে সম্পূৰ্ণৰূপে ক'ৱিড ভেকচিন গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক লৈ চিকিৎসা/ অভিযান্ত্ৰিকৰ চূড়ান্ত বৰ্ষ, জি এন এম আদিৰ চূড়ান্ত বৰ্ষৰ পাঠদানো কৰিব পাৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com