প্ৰতি সোমবাৰ-মঙলবাৰে আন্তঃজিলা যাতায়াতৰ সুযোগ অসম চৰকাৰৰ

অহা ১৫ আগষ্টৰ পৰা এই ক্ষেত্ৰত এলানি নতুন নীতি-নিয়ম বলবত হোৱাৰ সম্ভাৱনা আছে।
প্ৰতি সোমবাৰ-মঙলবাৰে আন্তঃজিলা যাতায়াতৰ সুযোগ অসম চৰকাৰৰ

ক'ৰ'না প্ৰতিৰোধৰ উদ্দেশ্যে আৰোপিত তলাবন্ধ বা লক-ডাউনৰ মাজতে অসম চৰকাৰে সপ্তাহৰ প্ৰতি সোমবাৰ আৰু মঙলাবাৰে সাধাৰণ লোকক আন্তঃজিলা তথা এখন জিলাৰ পৰা আন এখন জিলালৈ যাতায়াতৰ অনুমতি প্ৰদান কৰিছে। এই শিথিলতা অন্ততঃ অহা ১৫ আগষ্টলৈকে উপলব্ধ হব। আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰীজনে কয় যে অহা ১৫ আগষ্টৰ পৰা এই ক্ষেত্ৰত এলানি নতুন নীতি-নিয়ম বলবত হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে তেওঁ এই কথাও স্পষ্ট কৰি দিয়ে যে ক'ৰ'না প্ৰতিৰোধৰ নীতি-নিয়ম কটকটীয়াকৈ মানি চলিহে বাছসমূহে চলাচল কৰিব পাৰিব । বাছসমূহত মুঠ আসনৰ ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব। উল্লেখ্য যে ঈদ উপলক্ষ্যে ৩০ আৰু ৩১ জুলাইত আন্তঃজিলা ভ্ৰমণৰ সুযোগ প্ৰদান কৰা হয়। এই সিদ্ধান্ত যোৱা ২২ জুলাইত চৰকাৰে গ্ৰহণ কৰে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com