লকডাউনঃ অধিক শিথিলতা ঘোষণা অসম চৰকাৰৰ

লকডাউনঃ অধিক শিথিলতা ঘোষণা অসম চৰকাৰৰ

অন্ততঃ অহা ১৫ আগষ্টলৈকে সাধাৰণ লোকক প্ৰতি সোমবাৰ আৰু মঙলবাৰে আন্তঃৰাজ্যিক যাতায়তৰ সুযোগ প্ৰদান কৰা হব।

তলাবন্ধ বা লক-ডাউন সম্পৰ্কীয় আৰু অধিক শিথিলতা ঘোষণা কৰিলে অসম চৰকাৰে। কেন্দ্ৰই অলপতে ঘোষণা কৰা শিথিলতাৰ সৈতে তাল মিলাই ৰাজ্য চৰকাৰে আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কিছু শিথিলতা ঘোষণা কৰে। স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি অন্ততঃ অহা ১৫ আগষ্টলৈকে সাধাৰণ লোকক প্ৰতি সোমবাৰ আৰু মঙলবাৰে আন্তঃৰাজ্যিক যাতায়তৰ সুযোগ প্ৰদান কৰা হব। মন্ত্ৰী শৰ্মাই লগতে ঘোষণা কৰে যে পথৰ এফালে থকা গুদামসমূহ মুকলি কৰিব পৰিব। একেদৰে পথৰ এফালে থকা ব্যায়ামাগাৰ (জিম), যোগ কেন্দ্ৰ আৰু চেলুনসমূহো মুকলি কৰিব পাৰিব।

তেওঁ কয় য়ে প্ৰতি বিকল্প দিনত মলসমূহ মুকলি কৰিব পাৰিব। তেওঁ আৰু কয় য়ে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ কাৰ্ফিউ পালন কৰা হব। অৱশ্যে ক'ৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত সাপ্তাহিক বজাৰ আৰু হাটসমূহ বন্ধ ৰখা হব। ক'ৰ'না নমুনা পৰীক্ষাৰ মাত্ৰা বৃদ্ধিৰ ইংগিত দি তেওঁ পুনৰ কয় যে অহা ৪ আগষ্টত ৫০ হেজাৰ নমুনা পৰীক্ষা কৰা হ'ব। ইপিনে, কালি ৰাজ্যত ১,৮৬২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰে ২৮১জন কামৰূপ মহানগৰ জিলাৰ। অৱশ্যে একদিনাই ১,২৭৭জনত হাস্পতালৰ পৰা যাবলৈ দিয়া হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com