৮ খন  বাছত অসমলৈ বহিঃৰাজ্যত আবদ্ধ লোক, সৰুসজাইত স্বাস্থ্য পৰীক্ষা

৮ খন বাছত অসমলৈ বহিঃৰাজ্যত আবদ্ধ লোক, সৰুসজাইত স্বাস্থ্য পৰীক্ষা

এই লোকসকল নিজ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷
Published on

তলাবন্ধৰ ফলত দেশৰ বিভিন্ন স্থানত আবদ্ধ অসমৰ সহস্ৰাধিক লোকক উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ অংশস্বৰুপে আঠখন বাচেৰে দেশ বিভিন্ন স্থানত আবদ্ধ লোকক অসমলৈ অনা হৈছে।

দিল্লী , চেন্নাই , বৃন্দাবন আদি বিভিন্ন স্থানত কৰ্মসূত্ৰে , শিক্ষাগ্ৰহণ বা চিকিৎসাৰ বাবে থকা লোকসকল লকডাউনৰ সময়ছোৱাত আৱদ্ধ হৈ পৰে ৷

তৃতীয় পৰ্যায়ৰ লকডাউন শিথিল কৰা পাছত এই লোকসকল নিজ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

তাৰ পাছতে এইদৰে পৰিবহণ বিভাগৰ বাছেৰে লোকসকলক সৰুসুজাই ষ্টেডিয়ামলৈ অনা হয় ৷

তাৰ পাছত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাই এই লোকসকলক কোৱাৰাণ্টাইনৰ ব্যৱস্থা কৰা হৈছে ৷  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com