৩০-৩১জুলাইত আন্তঃজিলা ভ্ৰমণঃ অসম চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি

এক তথ্য অনুসৰি গুৱাহাটীৰ পাৰ উজনি অসমলৈ ১১খন বাছে চলাচল কৰিব।
৩০-৩১জুলাইত আন্তঃজিলা ভ্ৰমণঃ অসম চৰকাৰৰ নীতি-নিৰ্দেশনা জাৰি
Published on: 

আজি(৩০ জুলাই) আৰু কাইলৈ অসম চৰকাৰে সাধাৰণ লোকক আন্তঃজিলা ভ্ৰমণৰ সুবিধা আগবঢ়াইছে। আজি অসম চৰকাৰে এই আন্তঃজিলা যাতায়ত সম্পৰ্কীয় কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই নীতি-নিৰ্দেশনাসমূহ মানি চলিহে যাত্ৰীবাহী বাছে চলাচল কৰিব পাৰিব। ৰাজ্য চৰকাৰে জাৰি কৰা এই নীতি-নিৰ্দেশনাসমূহ নিম্নোক্ত ধৰণৰঃ

১) এখন বাছে মুঠ আসনৰ ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব। ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সামাজিক বা কায়িক দূৰত্ব আখৰে আখৰে মানি চলিব লাগিব।

২) যাত্ৰীক সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হ'ব।তাৰ পাছতহে যাত্ৰা আৰম্ভ কৰিব পাৰিব।

আনহাতে, এক তথ্য অনুসৰি গুৱাহাটীৰ পাৰ উজনি অসমলৈ ১১খন বাছে চলাচল কৰিব। সমগ্ৰ ৰাজ্যত ৫১খন বাছে চলাচল কৰিব। উল্লেখ্য যে যোৱা ২২ জুলাইত ৰাজ্য চৰকাৰে সাধাৰণ লোকক আন্তঃজিলা যাতায়তৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে এইক্ষেত্ৰত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাক একেখন জিলাৰূপে চৰকাৰে গণ্য কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com