ব্যয় সঃকোচনঃ কেৱল মুখ্যমন্ত্ৰীয়েহে পাব বিমানৰ ই-শ্ৰেণীত ভ্ৰমণৰ সুবিধা

একেদৰে মন্ত্ৰী-বিধায়কসকলৰ দৰমহাৰ যি অংশ কৰ্তনৰ ব্যৱস্থা কৰা হৈছিল, সেয়াও বাহাল থাকিব বুলি তেওঁ জনায় ৷
ব্যয় সঃকোচনঃ কেৱল মুখ্যমন্ত্ৰীয়েহে পাব বিমানৰ ই-শ্ৰেণীত ভ্ৰমণৰ সুবিধা

ক'ৰ'না মহামাৰী আৰু ইয়াক প্ৰতিৰোধৰ বাবে আৰোপ কৰা ল'কডাউনে অৰ্থনীতিক জোঁকাৰি পেলোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ব্যয় সংকোচন নীতি গ্ৰহণ কৰিছে ৷ এই নীতি অনুসৰি মুখ্যমন্ত্ৰীক বাদ দি আন কোনোৱেই চৰকাৰী খৰচত বিমানৰ এক্সিকিটিভ শ্ৰেণী (ই-শ্ৰেণী)-ত ভ্ৰমণ কৰিব নোৱাৰিব। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ একেদৰে চৰকাৰী বিভাগৰ সমূহৰ ক্ষেত্ৰত যান-বাহন ক্ৰয়ত যি নিষেধাজ্ঞা আৰোপ হৈছিল, সেয়া বাহাল থাকিব বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে ৷

তেওঁ আৰু কয় যে কোনো চৰকাৰী অনুষ্ঠানত পঞ্চতাৰকাযুক্ত হোটেলত পাতিব নোৱাৰিব ৷ একেদৰে মন্ত্ৰী-বিধায়কসকলৰ দৰমহাৰ যি অংশ কৰ্তনৰ ব্যৱস্থা কৰা হৈছিল, সেয়াও বাহাল থাকিব বুলি তেওঁ জনায় ৷ অৱশ্যে উন্নয়নমূলক আঁচনি ৰূপায়নৰ কামত যি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, সেয়া প্ৰত্যাহাৰ কৰা হৈছে বুলি মন্ত্ৰী শৰ্মাই ঘোষণা কৰে৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com