গুৱাহাটীৰ তিনিটা কণ্টেইনমেণ্ট জ'নৰ পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুয হাজৰিকা আৰু সাংসদ বিশ্বজিৎ দৈমাৰীক লৈ শৰ্মাই তিনিটা কণ্টেইমেণ্ট জ’নৰ অৱস্থা বুজ লয়৷
গুৱাহাটীৰ তিনিটা কণ্টেইনমেণ্ট জ'নৰ পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰী শৰ্মাই
Published on

গুৱাহাটীৰ তিনিটা কণ্টেইনমেণ্ট জ'নৰ পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰী শৰ্মাই

ৰাজ্যত উদ্বেগজনকভাবে ক'ৰ'না ভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে বুধবাৰে গুৱাহাটীৰ তিনিটা কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুয হাজৰিকা আৰু বি পি এপৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক লগত লৈ স্বাস্থ্য মন্ত্ৰী শৰ্মাই গুৱাহাটীৰ তিনিটা কণ্টেইমেণ্ট জ'নৰ অৱস্থা বুজ লয়৷ এই সম্পৰ্কত তেওঁ টুইটাৰত কয়, "কৰ'না আক্ৰান্ত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱেই সকলোৱে সুৰক্ষামূলক ব্যৱস্থা তথা সতৰ্ক হৈ থকা উচিত ৷ অনুগ্ৰহ কৰি সকলো সুৰক্ষামূলক ব্যৱস্থা মানি চলক ৷ আজি আমি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুয হাজৰিকা আৰু সাংসদ বিশ্বজিত দৈমাৰীয়ে গুৱাহাটীৰ তিনিটা কণ্টেইনমেণ্ট জ'নত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লওঁ৷"

উল্লেখ্য যে সম্প্ৰতি গুৱাহাটীত ২৪টা কণ্টেইনমেণ্ট জ'ন আছে ৷ এই কণ্টেইনমেণ্ট জ'নসমূহ এনেধৰণৰঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত লাখটি, পাণ্ডু ৰেলৱে নিউ কলনী, বেতকুচি, জাপৰিগোগ, বৰবাৰী, বিষ্ণুপুৰ, ধীৰেনপাৰা, পূব শৰণীয়া, বাথৌনগৰ, গোশালা, লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰ,  ইন্দ্ৰপুৰৰ পাহাৰৰ শিখৰ,  হেঙেৰাবাৰীৰ লিচুবাগান,  জি এছ ৰোডৰ লক্ষ্মীনগৰৰ শ্যামকুনি এপাৰ্টমেণ্ট,  পাণবজাৰৰ অৰিহন এপাৰ্টমেণ্ট, চন্দ্ৰপুৰৰ হাজংবাৰী গাঁও,  ফটাশিলৰ ভাস্কৰ নগৰৰ বি-ব্লক, চেৰাবভাটি আৰু আঁঠগাঁও।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com