বিধানসভাত সত্ৰ-নামঘৰ-দৰগাহ আদি সংৰক্ষণৰ বিধেয়ক গৃহীত

বিধানসভাত সত্ৰ-নামঘৰ-দৰগাহ আদি সংৰক্ষণৰ বিধেয়ক গৃহীত

তদুপৰি পৰম্পৰাগত স্থাপত্য, ঐতিহাসিক ক্ষেত্ৰ, স্মৃতিস্থলী, ভাস্কৰ্য কলা আদিও সংৰক্ষণ কৰা হ’ব ৷
Published on

অসম বিধানসভাৰ চলিত অধিৱেশন কালত বুধবাৰে ৰাজ্যৰ কায়িক ঐতিহ্য সংৰক্ষণ বিধেয়ক গৃহীত হয় ৷ দ্য আছাম হেৰিটেজ(টেঞ্জিবল) প্ৰটেকচন, প্ৰিজাৰভেচন, কনজাৰভেচন এণ্ড মেইনটেনেন্স বিল-২০২০" শীৰ্ষক এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ঐতিহ্যস্থলী আৰু ঐতিহ্য সামগ্ৰীসমূহ সংৰক্ষণ কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে অন্ততঃ ৭৫বছৰ স্থিতি থকা ঐতিহাসিক ক্ষেত্ৰ আৰু সামগ্ৰী সংৰক্ষণ কৰা হ'ব। সংৰক্ষণ কৰিব বিচৰা তালিকাত সত্ৰসমূহ, মঠসমূহ, মছজিদসমূহ, দৰগাহসমূহ, নামঘৰসমূহ, গীৰ্জাসমূহৰ লগতে সামাজিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠানসমূহ সংৰক্ষণ কৰা হ'ব ৷

তদুপৰি পৰম্পৰাগত স্থাপত্য, ঐতিহাসিক ক্ষেত্ৰ, স্মৃতিস্থলী, ভাস্কৰ্য কলা আদিও সংৰক্ষণ কৰা হ'ব ৷ কালি বিধেয়কখন উত্থাপনৰ সময়ত আলোচনাত ভাগ লৈ পুৰাতত্ব মন্ত্ৰী কেশৱ মহন্তই কয় যে এনে ঐতিহ্য সম্পদ সংৰক্ষণৰ বাবে আজিলৈকে অসমত কোনো আইনী ব্যৱস্থা নাছিল। এই বিধেয়কৰ জৰিয়তে ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণৰ লগতে উন্নয়নৰ লক্ষ্য লোৱা হৈছে। এনে এক ঐতিহ্য ক্ষেত্ৰৰ ৫০ মিটাৰ অঞ্চললৈকে নতুন নিৰ্মাণ নিষিদ্ধ হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com