অসম বিধানসভাত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰসংগ উত্থাপন

অসম বিধানসভাত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰসংগ উত্থাপন

অসম বিধান সভাত শুক্ৰবাৰে শাসনাধিষ্ঠ আৰু বিৰোধী দুয়োটা দলেই সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ দ্বাৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰাৰ সন্দৰ্ভত, মহাবিদ্যালয়খনৰ ভৱিষ্যতৰ ক্ষেত্ৰত এক অনিশ্চয়তা প্ৰদান কৰে ৷ বিধানসভাৰ গ্ৰীষ্ম কালীন অধিবেশনত এই বিষয়টো উত্থাপন কৰি গোলাঘাটৰ কংগ্ৰেছৰ বিধায়ক অজন্তা নেওগে সদনক জনায় যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়খন আছিল গোলাঘাট বাসীৰ কাৰণে এটি সপোন ৷

কাৰণ কোনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নথকা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়খনে লোকসকলক সকাহ দিছিল ৷ লগতে অজন্তা নেওগে কয় যে মহাবিদ্যালয়খনৰ প্ৰাথমিক কাম আৰম্ভ হৈছিল ২০১১ চনত আৰু ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰীত এই মহাবিদ্যালয়খন উদঘাটন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। মই ব্যক্তিগত ভাৱে উদঘাটন অনুষ্ঠানত উপস্থিত আছিলো ৷কিন্তু যেতিয়া চলিত বৰ্ষত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মান্যতা খাৰিজ কৰাৰ তথ্যই গোলাঘাটবাসীক ক্ৰোধিত কৰাৰ লগতে নিৰাশ কৰিছে ৷

ইফালে কংগ্ৰেছৰ বিধায়ক অজন্তা নেওগে এই সমগ্ৰ ঘটানাটোৰ কাৰণে ৰাজ্যৰ শিক্ষা বিভাগটোক দোষী সাব্যস্ত কৰে ৷কাৰণ সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে মহাবিদ্যালয়খনৰ স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিলে ৷ কাৰণ তেওঁলোকে এআইচিটিইয়ে দিয়া ১৭ টা চৰ্তক পূৰণ কৰিব নোৱাৰিলে ৷আনহাতে নিয়োগে ব্যক্তিগতভাৱে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰে আৰু এই বিষয়টোক শীঘ্ৰে সমাধান কৰাৰ কাৰণে আহ্বান কৰে ৷যাতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনত প্ৰভাৱ নপৰে ৷

শিক্ষা মন্ত্ৰী ভট্টিচাৰ্যই এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত মন্তব্য কৰি সদনত কয় যে শিক্ষামন্ত্ৰী ভট্টাচাৰ্য নিজেই আচৰিত হৈ পৰিছিল, যেতিয়া এআইচিটিইয়ে মহাবিদ্যালয়খনক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছিল ৷ অৱশ্যে মন্ত্ৰী ভট্টাচাৰ্যই স্বীকাৰ কৰে যে লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে বিভিন্ন স্থায়ী আৰু নিয়মীয়াপদসমূহ পূৰণ কৰাত বাধা আহি পৰিছিল ৷

ইফালে যেতিয়া এআইচিটিইয়ে মহাবিদ্যালয়খনৰ স্বীকৃতি অস্বীকাৰ কৰিছিল তেতিয়া মহাবিদ্যালয়ত অস্থায়ী অধ্যক্ষ আছিল ৷আনহাতে ৩৫ টা অধ্যাপক পদকে ধৰি মুঠ ৬০ পদত নিযুক্তিৰ দিহা কৰাৰ কথা উল্লেখ কৰে ৷অৱশ্যে স্থায়ী পদত নিযুক্তি ন’হলেও অস্থায়ী পদত নিযুক্ত হৈ থকা শিক্ষক অধ্যাপকৰ জৰিয়তে পাঠ্যক্ৰম সুন্দৰকৈ আগবঢ়াই নিয়া হ’ব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

মহাবিদ্যালয়খনে সম্প্ৰতি মেকানিকেল ইঞ্জিনিয়াৰিং,চিভিল ইঞ্জিনিয়াৰিং,কেমিকেল ইঞ্জিনিয়াৰিঙৰ তিনিটা শাখাত চাৰি বৰ্ষৰ স্নাতকৰ পাঠ্যক্ৰম প্ৰদান কৰিছে ৷ ছাত্ৰ ছাত্ৰীসকল ২০১৮ চনৰ আগষ্ট মাহত প্ৰথম শিক্ষা বৰ্ষ আৰম্ভ কৰিছিল ৷ অন্যহাতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ ক্ষেত্ৰত অন্যান্য দল সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই কয় যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শৈক্ষিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ কাৰণে অনতি পলমে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com