কাইলৈৰ পৰা অসম-ছিকিম-মেঘালয়ত প্ৰবল বৰষুণৰ সম্ভাৱনা

কাইলৈৰ পৰা অসম-ছিকিম-মেঘালয়ত প্ৰবল বৰষুণৰ সম্ভাৱনা

কমেও তিনি লক্ষ লোক এই বানৰ দ্বাৰা আক্ৰান্ত হয়। বানে অধিক ভয়ংকৰ ৰূপ লোৱাৰ সময়ত তিনি হেজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হয়।

কাইলৈ শুকুৰবাৰৰ পৰা অসম, ছিকিম আৰু মেঘালয়ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বতৰ বিশেষজ্ঞৰ মতে, কাইলৈৰ পৰা পূবমুৱা মৌচুমী বায়ু প্ৰবল হ'ব ৷ ইয়াৰ ফলত এই ৰাজ্যকেইখনত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ হিমালয়ৰ পাদদেশত অৱস্থিত ছিকিমত অধিক প্ৰৱল বৰষুণ হ'ব পাৰে ৷

উল্লেখ্য যে এইবাৰৰ বাৰিষাত ৰাজ্যত বানে বিস্তৰ ক্ষতিসাধন কৰে। কমেও তিনি লক্ষ লোক এই বানৰ দ্বাৰা আক্ৰান্ত হয়। বানে অধিক ভয়ংকৰ ৰূপ লোৱাৰ সময়ত তিনি হেজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com