৭০ সংখ্যক মৃত্যুদিৱসত লোকপ্ৰিয় বৰদললৈ ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলী

প্ৰাক্তন ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল।
৭০ সংখ্যক মৃত্যুদিৱসত লোকপ্ৰিয় বৰদললৈ ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলী

আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭০সংখ্যক মৃত্য়ুদিৱস। এই মৃত্যুদিৱস উপলক্ষ্যে স্বাধীনতা সংগ্ৰামী, ৰাজ্যৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী লোকপ্ৰিয়লৈ ৰাজ্যবাসীয়ে শ্ৰদ্ধাঞ্জলী জনায়। লোকপ্ৰিয় বৰদলৈলৈ শ্ৰদ্ধাঞ্জলী জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। এটা টুইটত মুখ্যমন্ত্ৰীয়ে কয়, " অসমৰ ইতিহাসৰ আদৰ্শ পুৰুষ, স্বাধীনতা সংগ্ৰামী আৰু স্বাধীনতাৰ পাছৰ আমাৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈলৈ মৃত্যুদিৱসত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলো"।

উল্লেখ্য যে সৰ্বজনপ্ৰিয় হোৱা তথা ৰাজ্যবাসীক সম্পূৰ্ণ উত্সৰ্গিত মনোভাবেৰে সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ প্ৰাক্তন ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com