তলাবন্ধত মাস্ক পৰিধান নকৰা লোকৰ পৰা ৬৮ লাখৰ জৰিমনা সংগ্ৰহ

তলাবন্ধত মাস্ক পৰিধান নকৰা লোকৰ পৰা ৬৮ লাখৰ জৰিমনা সংগ্ৰহ

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰা লোকৰ পৰা অসম আৰক্ষীয়ে ৬৮ লাখৰো অধিক টকাৰ জৰিমণা সংগ্ৰহ কৰিছে। অসম আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা অনুসৰি যোৱা ২৫ মাৰ্চৰ পৰা দেশজুৰি বলবত হোৱা তলাবন্ধৰ সময়ছোৱাত মাস্ক পৰিধান নকৰা লোকৰ পৰা অসমত আৰক্ষীয়ে ৬৮ লাখ ৪ হেজাৰ ৪০০ টকাৰ জৰিমনা সংগ্ৰহ কৰে। তদুপৰি আজিলৈকে আৰক্ষীয়ে তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগত ৪.৯৬১ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰু ৩৪,৬৫৫খন যান-বাহন জব্দ কৰে।

লক্ষ্যণীয় যে এই তলাবন্ধৰ সময়ছোৱাত আৰক্ষীয়ে হস্তচালিত ২৩খন নাৱো জব্দ কৰে। একেদৰে ভুৱা প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধেও তলাবন্ধৰ সময়ছোৱাত অত্যন্ত কঠোৰ হৈছে। ছ'চিয়েল মিডিয়াত ভুৱা খবৰ বিয়পোৱা ৫১ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  

আৰু পঢ়িব পাৰেঃ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com