ক'ৰ'নাত মৃত্যু অসম আৰক্ষীৰ কনিষ্টবল পুনি মেচ পালৰ

কনিষ্টবলগৰাকীৰ মৃত্যুৰ লগে লগে অসম আৰক্ষীয়ে ক’ৰ’না মহামাৰীত তিনিজন সতীৰ্থক হেৰুৱালে।
ক'ৰ'নাত মৃত্যু অসম আৰক্ষীৰ কনিষ্টবল পুনি মেচ পালৰ
Published on

অসম আৰক্ষীয়ে ক'ৰ'না মহামাৰীত আৰু এগৰাকী সতীৰ্থক হেৰুৱালে। প্ৰাপ্ত তথ্য অনুসৰি নামৰূপ আৰক্ষী থানাত নিয়োজিত পুনি মেচ পাল নামৰ এগৰাকী কনিষ্টবলৰ ক'ৰ'নাত মৃত্যু হৈছে। তেওঁ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগতো আক্ৰান্ত আছিল। এই সম্পৰ্কত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে দ্যা ছেণ্টিনেল ডিজিটেলক জনোৱা মতে, যোৱা ১৯জুলাইত কনিষ্টবলগৰাকীক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। কৰ্মৰত অৱস্থাতে তেওঁ অসুস্থ হৈ পৰে। অসম মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু হয়।

চৰকাৰী তথ্য অনুসৰি কনিষ্টবলগৰাকীৰ ক'ৰ'নাত মৃত্যু হয়। শেহতীয়াভাবে তেওঁৰ অৱস্থা অতি শোচনীয় হৈ পৰে আৰু ক'মালৈ গতি কৰে। ইতিমধ্যে তেওঁৰ নশ্বৰ দেহ নামৰূপলৈ নিয়া হৈছে। কাইলৈ অসম আৰক্ষীয়ে মেচক শেষ বিদায় জনাব। উল্লেখ্য যে এই কনিষ্টবলগৰাকীৰ মৃত্যুৰ লগে লগে অসম আৰক্ষীয়ে ক'ৰ'না মহামাৰীত তিনিজন সতীৰ্থক হেৰুৱালে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com