আৰক্ষী কনিষ্টবলৰ ৰেচনৰ ভাট্টা দুহেজাৰ টকালৈ বৃদ্ধি

এনেধৰণৰ সুবিধা বন আৰক্ষী কনিষ্টবলসকললৈ আগবঢ়োৱাৰ সম্ভাৱনাও তেওঁ ব্যক্ত কৰে ৷
আৰক্ষী কনিষ্টবলৰ ৰেচনৰ ভাট্টা দুহেজাৰ টকালৈ বৃদ্ধি

অসম আৰক্ষীৰ কনিষ্টবলসকলৰ খাদ্য ৰেচনৰ ভাট্টা দুহেজাৰ টকালৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে ৷ বৰ্তমানে এই ৰেচনৰ বাবদ আৰক্ষী কনিষ্টবলসকলে ১২শ টকাৰ ভাট্টা লাভ কৰি আছে ৷ ইয়াৰ পৰিমাণ সম্প্ৰতি দুহেজাৰ টকালৈ বৃদ্ধি কৰা হৈছে বুলি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৷ এখন সংবাদমেলত এই কথা ঘোষণা কৰি মন্ত্ৰীজনে কয় বৰ্তমানে আৰক্ষী কনিষ্টবলসকলে খাদ্য ৰেচনৰ বাবদ মাহিলী ১২শ টকাকৈ লাভ কৰি আছে ৷ ইয়াৰ পৰিমাণ অহা ১ অক্টোবৰৰ পৰা দুহেজাৰ টকালৈ বৃদ্ধি কৰা হ'ব ৷

"আৰক্ষী কনিষ্টবলসকলৰ খাদ্য ৰেচনৰ ভাট্টাৰ পৰিমাণ বৃদ্ধি কৰাটো আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৷ অহা পহিলা অক্টোবৰৰ পৰা আৰক্ষী কনিষ্টবলসকলে খাদ্য ৰেচনৰ বাবদ দুহেজাৰ টকাকৈ লাভ কৰিব ৷ তেওঁলোক সন্তুষ্ট হ'ব বুলি আমি আশা কৰিছো", মন্ত্ৰী শৰ্মাই এইদৰে কয় ৷ এনেধৰণৰ সুবিধা বন আৰক্ষী কনিষ্টবলসকললৈ আগবঢ়োৱাৰ সম্ভাৱনাও তেওঁ ব্যক্ত কৰে ৷ অবশ্যে ইয়াৰ বাবে তেওঁলোকৰ পৰা আবেদন পাব লাগিব বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com