আৰক্ষীৰ সহায়ক সেৱা মুকলিঃ লকডাউন ভংগকাৰীৰ তথ্য জনাব পাৰিব

এই হেল্পলাইনত ফোন কৰি যিকোনো লোকেই লক-ডাউন ভংগকাৰী লোকৰ বিষয়ে আৰক্ষীক জনাব পাৰিব।
আৰক্ষীৰ সহায়ক সেৱা মুকলিঃ লকডাউন ভংগকাৰীৰ তথ্য জনাব পাৰিব
Published on

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে গুৱাহাটীত পুনৰ সম্পূৰ্ণ লক-ডাউন আৰোপ কৰিছে। এই লক-ডাউন পূৰ্বতকৈ কঠোৰ ৰূপত বলবত কৰা হৈছে। লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি চৰকাৰে সকীয়নী জাৰি কৰি আহিছে। সম্প্ৰতি অসম আৰক্ষীয়ে এক সহায়ক সেৱা বা হেল্পলাইন মুকলি কৰিছে। এই হেল্পলাইনত ফোন কৰি যিকোনো লোকেই লক-ডাউন ভংগকাৰী লোকৰ বিষয়ে আৰক্ষীক জনাব পাৰিব।

এই সহায়ক সেৱাত কে'বাটাও নম্বৰ মুকলি কৰা হৈছে। নম্বৰকেইটা হ'লঃ 6026900970 6026900971 6026900972 6026900973। তদুপৰি আনধৰণেও গুৱাহাটী আৰক্ষী অথবা যানবাহন আৰক্ষীক লকডাউন ভংগকাৰীৰ তথ্য জনাব পাৰিব। ইয়াৰ পূৰ্বে কালি অসম আৰক্ষীয়ে লক-ডাউন ভংগ কৰাৰ অভিযোগত ৫০খনৰো অধিক যান-বাহন জব্দ কৰে। তদুপৰি লকডাউন ভংগকাৰী পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে দুটা গোচৰ ৰুজু কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com