নিজেই নিজক হত্যা নকৰিবঃ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ নতুন শীৰ্ষ সংগীত

সংগীতটিৰ কিছু অংশ ইংৰাজীত, কিছু অংশ অসমীয়া আৰু হিন্দীত পৰিৱেশন কৰা হৈছে ৷
নিজেই নিজক হত্যা নকৰিবঃ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ নতুন শীৰ্ষ সংগীত

"নিজে নিজক হত্যা নকৰিব ৷ ড্ৰাগছ সেৱন নকৰিব। ই হৈছে এখন জাল, পৰিত্ৰাণৰ পথ নহয় ৷"-এয়া হৈছে মানুহক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়া ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ নতুন শীৰ্ষ সংগীত বা এন্থেম ৷ আৰক্ষীৰ এই সংগীতত কণ্ঠদান কৰিছে জনপ্ৰিয় সংগীত শিল্পী যুৱ-প্ৰজন্মৰ হাৰ্ট-থ্ৰব জুবীন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দীক্ষু শৰ্মা আৰু বৰ্ণালী কলিতাই।অসম আৰক্ষীৰ এই ড্ৰাগছবিৰোধী অভিযানত সহযোগ কৰিছে অসমীয়া ছবিজগতৰ জনপ্ৰিয় শিল্পীসকলে ৷ সংগীতটিৰ কিছু অংশ ইংৰাজীত, কিছু অংশ অসমীয়া আৰু হিন্দীত পৰিৱেশন কৰা হৈছে ৷ এই সংগীতৰ জৰিয়তে জন-সজাগতা সৃষ্টি আৰু মানুহক কোনো পৰিস্থিতিতে ড্ৰাগছ গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱা হৈছে ৷ সংগীটোত প'প আৰু ৰ'ক-দুয়োটাৰে উপাদান পোৱা যায় ৷

ড্ৰাগছৰ বিৰুদ্ধে সংগীতৰ মাধ্যমেৰে চলোৱা এই অভিযান সম্পৰ্কত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়, " ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ মাজতে শিল্পী জুবীন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দীক্ষু আৰু বৰ্ণালী কলিতাই কণ্ঠদান কৰা এই গীত মুকলি কৰিবলৈ পাই মই আনন্দিত হৈছো ৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com