পুনৰ স্কুল মুকলিঃ মহানগৰীৰ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা

মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিকত দ্বাদশ শ্ৰেণীত মাথোঁ ১০গৰাকী শিক্ষাৰ্থীহে উপস্থিত হয় ৷ ৪৫মিনিটৰ পাঠদান কৰা হয় ৷
পুনৰ স্কুল মুকলিঃ মহানগৰীৰ শিক্ষানুষ্ঠানত  ছাত্ৰ-ছাত্ৰীৰ  উপস্থিতি সেৰেঙা

ক'ৰ'না প্ৰতিৰোধৰ কটকটীয়া প্ৰতিৰোধমূলক ব্যৱস্থা অৱলম্বনেৰে আজি সোমবাৰৰ পৰা স্কুলৰ নৱমৰ পৰা দ্বাদশলৈ পুনৰ পাঠদান আৰম্ভ হৈছে ৷ ছমাহৰ পাছত পুনৰ বিদ্যালয় মুকলি হ'লেও আজি প্ৰথমদিনা মহানগৰীৰ বিভিন্ন বিদ্যালয়ত নগন্যসংখ্যক ছাত্ৰ-ছাত্ৰীহে শ্ৰেণীকোঠাত উপস্থিত হয় ৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা হয় ৷

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনক হাৰত বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত এনে অৱস্থা বিৰাজ কৰা বুলি ধাৰণা কৰা হৈছে ৷ মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিকত দ্বাদশ শ্ৰেণীত মাথোঁ ১০গৰাকী শিক্ষাৰ্থীহে উপস্থিত হয় ৷ তেওঁলোকক ৪৫মিনিটৰ পাঠদান কৰা হয় ৷

এই সম্পৰ্কত বিদ্যালয়খনৰ অধ্যক্ষা অৰূপা পাটগিৰিয়ে কয়, " নৱম শ্ৰেণীৰ মাথোঁ কেইগৰাকীমান শিক্ষাৰ্থীহে আহে ৷ কিন্তু তেওঁলোকক বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল ৷ কাৰণ তেওঁলোকে অভিভাৱকৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ (এন অ' চি)- অনা নাছিল ৷" আনহাতে, টি চি ছোৱালী হাইস্কুলত কেইগৰাকীমান শিক্ষক-শিক্ষয়িত্ৰী আজি উপস্থিত হয় যদিও কোনো ছাত্ৰী বিদ্যালয়লৈ নাহিল ৷ সকলো স্কুল-কলেজত আজি সামাজিক দূৰত্ব বৰ্তাই ৰখা হয়। সকলোৱেই মাস্ক পৰিধান কৰে ৷ ছেনিটাইজাৰো ব্যৱহাৰ কৰা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com