স্বস্তিৰ বতৰাঃ একেলগে ১০৫জন ক'ৰ'না আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

স্বস্তিৰ বতৰাঃ একেলগে ১০৫জন ক'ৰ'না আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

একেলগে ১০৫ জন ক’ৰ’নাত আক্ৰান্তক হাস্পতালৰ পৰা যাবলৈ দিয়া হয়। অৰ্থাত্ এই ক’ৰ’না আক্ৰান্তসকল সুস্থ হৈছে।
Published on

স্বস্তিৰ বতৰাঃ একেলগে ১০৫জন ক'ৰ'না আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

ৰাজ্যত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যাৰ উদ্বেগজনক বৃদ্ধি তথা আজি এই মহামাৰীত আক্ৰান্ত এগৰাকী মহিলা মৃত্যুমুখত পৰাটোৱে আতংক বৃদ্ধি কৰাৰ সময়তে এক স্বস্তিৰ বতৰা আহিছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে প্ৰকাশ কৰা অনুসৰি আজি শুকুৰবাৰে ৰাজ্যত একেলগে ১০৫ জন ক'ৰ'নাত আক্ৰান্তক হাস্পতালৰ পৰা যাবলৈ দিয়া হয়। অৰ্থাত্ এই ক'ৰ'না আক্ৰান্তসকল সুস্থ হৈছে। স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যত এক্টিভ ক'ৰ'না পজিটিভৰ সংখ্যা ১,৮৮৩জনলৈ হ্ৰাস পাইছে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com