ক'ৰ'না মহামাৰীঃ অসমত আৰু ৬জন ব্যক্তিৰ মৃত্যু

ক'ৰ'না মহামাৰীঃ অসমত আৰু ৬জন ব্যক্তিৰ মৃত্যু

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই লোককেইজনৰ ক’ৰ’নাত মৃত্যু হোৱাটো অলপতে গঠিত মৃত্যুৰ হিচাপ পৰীক্ষক ব’ৰ্ডে নিশ্চিত কৰিছে।
Published on

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত ৰাজ্যত আৰু ৬জন লোকে প্ৰাণ হেৰুৱালে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই লোককেইজনৰ ক'ৰ'নাত মৃত্যু হোৱাটো অলপতে গঠিত মৃত্যুৰ হিচাপ পৰীক্ষক ব'ৰ্ডে নিশ্চিত কৰিছে। এই ছজন লোকৰ প্ৰাণহানি ঘটাৰ কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " আমি স্নেহা মল(৩৬), লিতু কুমাৰ বৰা, শৰত চন্দ্ৰ চহৰীয়া(৬০), উপেন্দ্ৰ নাথ(৬২), প্ৰমোদ ৰঞ্জন সাহা(৭৩) আৰু সুভাকৰণ দুধেৰিয়া(৭৩)ক আজি ক'ৰ'নাত হেৰুৱালো। তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জনালো"।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com