অসমত আৰু এজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু, মুঠ মৃতৰ সংখ্যা ৯লৈ বৃদ্ধি

অৱশ্যে অসমত ক’ৰ’না ৰোগীৰ মৃত্যুৰ হাৰ ০.১৮শতাংশহে
অসমত আৰু এজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু, মুঠ মৃতৰ সংখ্যা ৯লৈ বৃদ্ধি
Published on: 

অসমত আৰু এজন ক'ৱিড-১৯আক্ৰান্ত মৃত্যুমুখত পৰিছে । যি সময়ত সমগ্ৰ ৰাজ্যত আৰোগ্য হোৱা ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, তেনে সময়তে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃহস্পতিবাৰে এই মহামাৰীত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যু হয়। ফলত ৰাজ্যত সম্প্ৰতি ক'ৰ'না মহামাৰীত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। এই মৃতসকলৰ ৪জনৰ যোৱা সপ্তাহত মৃত্যু হয় ।ইয়াৰে তিনিজন কৰ্কটত আক্ৰান্ত আছিল ৷ বৰ্তমানলৈকে কাৰ্বি আংলং জিলাত দুজন ক'ৱিড-১৯আক্ৰান্ত মৃত্যুমুখত পৰিছে। অৱশ্যে অসমত ক'ৰ'না ৰোগীৰ মৃত্যুৰ হাৰ ০.১৮শতাংশহে । আনহাতে, বঙাইগাঁৱৰ এখন স্কলত স্থাপিত এটা কোৱাৰেণ্টিন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে মূৰত আঘাতপ্ৰাপ্ত হৈ কালি এজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু হয় ৷

ইপিনে, শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যত ৪৯০৪জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শেহতীয়াকৈ ৰাজ্যত আৰু ৪৩ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৯০৪ জনলৈ বৃদ্ধি পাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com