অতিৰিক্ত ৰাজহ সংগ্ৰহঃ সুৰাত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ যো-জা অসম চৰকাৰৰ

আবকাৰী বিভাগে সুৰাত আৰোপিত শুল্ক ২৫ শতাংশ বৃদ্ধিৰ লক্ষ্য লোৱা বুলি এক সূত্ৰই জনায়।
অতিৰিক্ত ৰাজহ সংগ্ৰহঃ সুৰাত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ যো-জা অসম চৰকাৰৰ
Published on

ক'ৰনা মহামাৰীয়ে সৃষ্টি কৰা আৰ্থিক জটিলতা মোকাবিলা কৰাৰ উদ্দেশ্য অসম চৰকাৰে সুৰাৰ শুল্ক ২৫ শতাংশ বৃদ্ধিৰ যো-জা চলোৱা বুলি চৰ্চিত হৈছে। উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা লক-ডাউনৰ নীতি-নিয়ম শিথিল কৰি ৰাজ্য চৰকাৰে প্ৰতিদিনে পুৱাৰ পৰা সন্ধিয়া ৯ বজালৈ সুৰা বিপণী মুকলিৰ অনুমতি দিছে। সেই অনুসৰি ৰা্জ্যত প্ৰতিদিনে কোটি কোটি টকাৰ সুৰা বিক্ৰী হৈ আছে। সম্প্ৰতি আবকাৰী বিভাগে সুৰাত আৰোপিত শুল্ক ২৫ শতাংশ বৃদ্ধিৰ লক্ষ্য লোৱা বুলি এক সূত্ৰই জনায়। সূত্ৰটোৱে জনোৱা মতে, বীয়াৰকে ধৰি সকলো ধৰণৰ সুৰাৰ শুল্ক বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে আবকাৰী বিভাগে। ইয়াৰ জড়িয়তে অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com