ক'ৰ'নাঃ চলিত ছেপ্টেম্বৰত অসমত আক্ৰান্ত হ'ব পাৰে ৭৫হেজাৰ লোক !

শাৰদ উৎসৱৰ সময়ত অৰ্থাৎ দুৰ্গা পূজা আৰু দীপাৱলীৰ সময়ত পৰিস্থিতি অধিক জটিল হোৱাৰো তেওঁ আশংকা কৰে ৷
ক'ৰ'নাঃ চলিত ছেপ্টেম্বৰত অসমত আক্ৰান্ত হ'ব পাৰে ৭৫হেজাৰ লোক !

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে ৰাজ্যত ক্ৰমাৎ অধিক জটিল ৰূপ ধাৰণ কৰিছে৷ পৰিস্থিতি এনে হৈছে যে কেৱল চলিত ছেপ্টেম্বৰ মাহতে অসমত ৭৫ হেজাৰ লোক এই মহামাৰীত আক্ৰান্ত হ'ব পাৰে ৷ এই আশংকা ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসকসকলে আয়োজন কৰা এক প্লাজমা দান শিবিৰত অংশ লৈ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে ক'ৰ'নাজনিত পৰিস্থিতি জটিল হৈয়ে আছে ৷

আনকি আগন্তক তিনি মাহত প্ৰতি মাহতে ৭৫হেজাৰকৈ লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ আশংকা আছে বুলি তেওঁ মন্তব্য কৰে ৷ কাৰণ সম্প্ৰতি নিতৌ ২৫শৰ ওচৰা-ওচৰি লোক এই মহামাৰীত আক্ৰান্ত হৈ আছে।  শাৰদ উৎসৱৰ সময়ত অৰ্থাৎ দুৰ্গা পূজা আৰু দীপাৱলীৰ সময়ত পৰিস্থিতি অধিক জটিল হোৱাৰো তেওঁ আশংকা কৰে ৷ আনহাতে, ক'ৰ'না প্ৰতিষেধক বা ভেকচিনো অচিৰে উপলব্ধ হোৱাৰ সম্ভাৱনা তেওঁ নুই কৰে ৷ ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ অন্তিম মাহতহে ৰাজ্যবাসীৰ বাবে ভেকচিন উপলব্ধ কৰাৰো তেওঁ ইংগিত দিয়ে ৷

আৰু পঢ়িব পাৰেঃ অসমৰ ৩৫ বিধায়ক-প্ৰাক্তন বিধায়কৰ বিশাৰদ উৎসৱৰ সময়ত অৰ্থাৎ দুৰ্গা পূজা আৰু দীপাৱলীৰ সময়ত পৰিস্থিতি অধিক জটিল হোৱাৰো তেওঁ আশংকা কৰে ৷
 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com