

ৰাজ্যত নতুনকৈ প্ৰতিষ্ঠা হব পাঁচখন মেডিকেল কলেজ। শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। মন্ত্ৰীজনে ঘোষণা কৰা অনুসৰি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত আৰু এখন মেডিকেল কলেজ প্ৰতিষ্ঠা হ'ব।
উল্লেখ্য যে ভঙাগডস্থিত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল ১৯৬০-ৰ ২০ ছেপ্টেম্বৰৰ পৰা কাৰ্যক্ষম হয়। সম্প্ৰতি স্বাস্থ্য মন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি গুৱাহাটীৰ লগতে বিশ্বনাথ চাৰিআলি, গোৱালপাৰা আৰু চৰাইদেউত স্থাপন হব।
আজি স্বাধীন দিৱসৰ মৰিগাঁৱৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীজনে এই কথা ঘোষণা কৰে। তেওঁ লগতে কয় যে চাংসাৰিত নিৰ্মীয়মান এইমছৰ নিৰ্মাণ কাৰ্য ৭০ শতাংশ শেষ হৈছে। তেওঁ আৰু কয় যে ৰাজ্যৰ ১৭.৯ লাখ পৰিয়াললৈ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত মাহিলী ৮৩০ টকাকৈ আগবঢ়াব।