'গোলাপী জামুৰ লগ্ন'ৰ কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা

কবিগৰাকীৰ উল্লেখনীয় সৃষ্টিসমূহ হৈছেঃ সূৰ্য হেনু নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগ্ন আৰু কবিতা আদি।
'গোলাপী জামুৰ লগ্ন'ৰ কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা
Published on


দেশৰ সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অসমীয়া কবি তথা সমালোচক নীলমণি ফুকনলৈ। ওৰে জীৱন অসমীয়া সাহিত্যলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই অহা বিশিষ্ট কবিগৰাকীয়ে এই সন্মান লাভ কৰাত বিভিন্নজনে সন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে কবি ফুকন হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয়গৰাকী অসমীয়া সাহিত্যিক। তেওঁৰ পূৰ্বে বৰেণ্য ওপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামনি ৰয়চম গোস্বামীক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। 

কবি নীলমণি ফুকনে ১৯৮১ত সাহিত্য একাডেমী বঁটা লাভ কৰে। উল্লেখ্য যে জ্ঞানপীঠ বঁটা হৈছে দেশৰ সবাতোকৈ পুৰণি আৰু সৰ্বোচ্চ সাহিত্য সন্মান। সাহিত্যৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়োৱা সাহিত্যিকলৈ এই বঁটা আগবঢ়োৱা হয়। ১৯৬১ত প্ৰতিষ্ঠা কৰা এই বঁটা কেৱল ভাৰতীয় সাহিত্যিককহে প্ৰদান কৰা হয়। সাহিত্যিকগৰাকী দেশৰ সংবিধানৰ অষ্টম অনুসূচীভুক্ত ভাষাত বা ইংৰাজীত সাহিত্য চৰ্চা কৰা হব লাগিব। জ্ঞানপীঠ বঁটা মৰণোত্তৰভাবে প্ৰদান কৰা নহয়। 

অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা কবি নীলমণি ফুকনৰ কবিতা প্ৰতীকৰে পৰিপূৰ্ণ। তেওঁৰ ওপৰত ফৰাচী প্ৰতীকাবাদৰ প্ৰভাৱ পৰিছে। কবিগৰাকীৰ উল্লেখনীয় সৃষ্টিসমূহ হৈছেঃ সূৰ্য হেনু নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগ্ন আৰু কবিতা  আদি। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com