বৰাক নৈৰ কাষত পঞ্চভূতত বিলীন হ'ল ক'ৰ'নাত মৃত অসমৰ সপ্তমজন ব্যক্তি

বৰাক নৈৰ পাৰত আলগাপুৰৰ পাঁচগ্ৰামৰ সিদ্ধেশ্বৰ মন্দিৰৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
বৰাক নৈৰ কাষত পঞ্চভূতত বিলীন হ'ল ক'ৰ'নাত মৃত অসমৰ সপ্তমজন ব্যক্তি
Published on: 

বৰাক নৈৰ কাষত পঞ্চভূতত বিলীন হ'ল ক'ৰ'নাত মৃত অসমৰ সপ্তমজন ব্যক্তি

বৰাক নৈৰ কাষত পঞ্চভূতত বিলীন হ'ল ক'ৰ'নাত মৃত ৰাজ্যৰ সপ্তমগৰাকী ব্যক্তি। এই ব্যক্তিগৰাকী হৈছে হাইলাকান্দিৰ এগৰাকী মহিলা। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন অৱস্থাত এই ক'ৰ'না আক্ৰান্তগৰাকীৰ মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৫৩ বছৰ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মহিলাগৰাকীয়ে আত্মীয়ৰ চিকিত্সাৰ বাবে দিল্লীলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পাছত তেওঁ শিলচৰ মেডিকেল কলেজত ভৰ্তি হয়। তাত চিকিত্সাধীন অৱস্থাতে আজি তেওঁৰ মৃত্যু হয়। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'না মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা ৭জনলৈ বৃদ্ধি পাইছে। পাছত বিয়লি ৪-৪৫বজাত বৰাক নৈৰ পাৰত আলগাপুৰৰ পাঁচগ্ৰামৰ সিদ্ধেশ্বৰ মন্দিৰৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে, মহিলাগৰাকীৰ কৰ্কট আক্ৰান্ত পুত্ৰ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com