ক'ৱিড-১৯ ৰ বিৰুদ্ধে যুঁজত অসমে সফলতা লাভ কৰিব - হিমন্ত বিশ্ব শৰ্মা

ক'ৱিড-১৯ ৰ বিৰুদ্ধে যুঁজত অসমে সফলতা লাভ কৰিব - হিমন্ত বিশ্ব শৰ্মা

ক'ৱিড-১৯ ৰ বিৰুদ্ধে যুঁজত অসমে সফলতা লাভ কৰিব - হিমন্ত বিশ্ব শৰ্মা

অসমত বৰ্তমানলৈকে ১ লাখ ব্যক্তিৰ ক'ৱিড-১৯ পৰীক্ষা সম্পন্ন হৈছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে ইয়াৰ সংখ্যা ২ জুনলৈ ২ লাখলৈ বৃদ্ধি কৰিবলৈ প্ৰস্তুত হৈছে ৷

ইয়াৰ মাজতে ৰাজ্যত ১,৩৮৪ জন লোক ক'ৱিড-১৯ ত আক্ৰান্ত হোৱাৰ লগতে ১,১৯২ জন ৰোগীৰ দেহত সক্ৰিয় হৈ আছে ক'ৰ'না ভাইৰাছ । লগতে ১৮৫ জন লোক সুস্থ হোৱাৰ লগতে ৪ জনৰ মৃত্যু হৈছে।

ৰাজ্যত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধিৰ সময়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ৱিড -১৯ ক পৰাজিত কৰাৰ ক্ষেত্ৰত অসমে কেৰালাক অনুসৰণ কৰিছে। তেওঁ কয় যে মে' মাহৰ ভিতৰত এই বৃহৎ সংখ্যক পৰীক্ষা কৰা সহজ নাছিল । কিন্তু বিভিন্ন চিকিৎসালয়ৰ মাইক্ৰবায়লজী বিভাগৰ চিকিৎসক আৰু ডিব্ৰুগড়ৰ লাহোৱালৰ ৰিজিঅ'নেল মেডিকেল ৰিচাৰ্ছ চেণ্টাৰ আৰু কিছুমান ব্যক্তিগত লেবৰ সহযোগৰ বাবে এয়া সম্ভৱ হ'ল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com