ক'ৰ'না মহামাৰীঃ অসমত আৰু দুজনৰ মৃত্যু

মৃত লোক দুজনৰ নাম হৈছে প্ৰভুদয়াল ৱিদাৱাটকা আৰু সুভাস কলিতা।
ক'ৰ'না মহামাৰীঃ অসমত আৰু দুজনৰ মৃত্যু
Published on

চৌদিশে ভয় আৰু আতংকৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীত অসমত আৰু দুজন লোকে প্ৰাণ হেৰুৱালে। মৃত লোক দুজনৰ নাম হৈছে প্ৰভুদয়াল ৱিদাৱাটকা আৰু সুভাস কলিতা।ইয়াৰে ৱিদাৱাটকাৰ বয়স ৭৮ বছৰ আৰু কলিতাৰ বয়স ৫৬ বছৰ হৈছিল। এই লোক দুজনৰ মৃত্যুৰ খবৰ টুইটাৰত সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই লোক দুজনৰ মৃত্যুৰ লগে লগে অসমত ক'ৰ'না মহামাৰীত মৃতকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে গুৱাহাটীত দুজন ক'ৰ'না মহামাৰীত আক্ৰান্তৰ মৃত্যু হয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com