বিমানকোঠ-ৰেল ষ্টেচনলৈ যোৱা যাত্ৰীৰ বাবে পৰিবহণ নিগমৰ বিশেষ বাছ

এই তলাবন্ধৰ সময়ছোৱাত কেতবোৰ নিৰ্দিষ্ট স্থানত বাছত উঠিব পাৰিব।
বিমানকোঠ-ৰেল ষ্টেচনলৈ যোৱা যাত্ৰীৰ বাবে পৰিবহণ নিগমৰ  বিশেষ বাছ

ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা ১৪দিনীয়া তলাবন্ধ বা লক-ডাউনৰ সময়ছোৱাত অসম পৰিবহণ নিগমে বিমানকোঠ বা ৰেল ষ্টেচনলৈ যোৱা যাত্ৰীৰ বাবে বিশেষ সুবিধা আগবঢ়াইছে। ইতিমধ্যে যিসকল ব্যক্তিয়ে বিমানকোঠ অথবা ৰেল ষ্টেচনলৈ যাত্ৰাৰ বাবে টিকট ক্ৰয় কৰিলে, তেওঁলোকে পৰিবহণ নিগমৰ বাছত গন্তব্য স্থানলৈ যাত্ৰা কৰিব পাৰিব। ইয়াৰ বাবে তেওঁলোকে assamtransportrelief.in.-ত পঞ্জীয়ন কৰিব লাগিব। তদুপৰি হেল্পলাইন নম্বৰতো ফোন কৰি নিগমৰ বাছেৰে যাতায়াত কৰিব পাৰিব। এই হেল্পলাইন পুৱা ১০বজাৰ পৰা নিশা ১০বজালৈ খোলা থাকিব। এই তলাবন্ধৰ সময়ছোৱাত কেতবোৰ নিৰ্দিষ্ট স্থানত বাছত উঠিব পাৰিব। এই স্থানসমূহ হ'লঃ

১) দিছপুৰ আৰক্ষী থানা, (২) নুনমাটি আৰক্ষী থানা, (৩) পাণবজাৰ আৰক্ষী থানা, (৪) লতাশিল আৰক্ষী থানা, (৫)পল্টনবজাৰ আৰক্ষী থানা, (৬)ভৰলুমুখ আৰক্ষী থানা, (৭)গীতানগৰ আৰক্ষী থানা, (৮)জালুকবাৰী আৰক্ষী থানা, (৯)বশিষ্ঠ আৰক্ষী থানা, (১০) ফটাশিল আমবাৰী আৰক্ষী থানা,(১১) হাতীগাঁও আৰক্ষী থানা, (১২) গড়চুক আৰক্ষী থানা, (১৩)ভঙাগড় আৰক্ষী থানা, (১৪)সাতগাঁও আৰক্ষী থানা, (১৫)চান্দমাৰী আৰক্ষী থানা, (১৬)ফাঁচীবজাৰ আৰক্ষীচকী, (১৭)ওদালবাক্ৰা আৰক্ষীচকী, (১৮)বীৰুবাৰী আৰক্ষীচকী, (১৯)যোৰাবাট আৰক্ষীচকী, (২০)আই এছ বি টি আৰক্ষীচকী, (২১) পানীখাইটী আৰক্ষীচকী।

নিগমৰ এই বাছসমূহে পুৱা ৫, ৭, ৯, ১১, বিয়লি এক, তিনি, পাঁচ আৰু নিশা ৭ বজাত চলাচল কৰিব।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com